12/15/2021 - 17:05
in
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি দিনৰ দুইমান বজাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ প্ৰত্যক্ষ দৰ্শৰ মতে তেজপুৰ দিশৰ পৰা তীব্ৰ গতিত আহি থকা Alto AR-01C-0859 নম্বৰৰ গাড়ীখনে বিপৰীত দিশৰ পৰা আহি থকা AS-12-H-9235 নম্বৰৰ Her Super Splender মটৰচাইকেলখনত প্ৰচণ্ড জোৰত খুন্দা মাৰি পথৰ কাষৰ খাৱৈত বাগৰি পৰে৷
যাৰ ফলত টৌভঙাৰ দ্বীপেন মিলি(৩৫) নামৰ বাইক আৰোহীজন গুৰুতৰভাৱে আহত হয়৷ স্থানীয়লোকে আহতজনক ততাতয়াকৈ উত্তৰ জামুগুৰি চিকিৎসালয়লৈ নিয়ে যদিও গুৰুতৰভাৱে আহত দ্বীপেন মিলিৰ অৱস্থা শংকটজনক দেখি চিকিৎসকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে৷ ইফালে মতিৰাম পাল (৪০)নামৰ চালক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইয়াৰ পিছতে জামুগুৰি আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে ক্ৰেংৰ সহায়ত গাড়ীখন উঠোৱাৰ ব্যৱস্থা কৰিছে৷