দিব্যাংগ মহিলাৰ ভৰি চুই আশীৰ্বাদ ল’লে প্ৰধানমন্ত্ৰীয়ে, নিমিষতে ভাইৰেল ছ’চিয়েল মিডিয়াত

 12/17/2021 - 13:27
 
 
নিউজ ডেস্কঃ ১৩ ডিচেম্বৰত বাৰাণসীত কাশী বিশ্বনাথ ক’ৰিডৰ প্ৰকল্প উদ্বোধন কৰাৰ অলপ পাছতে শিখা ৰাস্তোগী নামৰ এগৰাকী বিশেষভাৱে সক্ষম মহিলাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিবলৈ আহিছিল।মহিলাগৰাকীক দেখি প্ৰধানমন্ত্ৰীয়ে তৎক্ষণাৎ তেওঁৰ সুস্থতাৰ বিষয়ে সুধিছিল আৰু যেতিয়া শিখাই প্ৰধানমন্ত্ৰীৰ আশীৰ্বাদ ল’বলৈ আগবাঢ়ি আহিছিল, প্ৰধানমন্ত্ৰীয়ে তেওঁক বাধা দিছিল আৰু নিজে শিখাৰ ভৰি চুই আশীৰ্বাদ লৈছিল। বিশ্বৰ অন্যতম শক্তিশালী ৰাজনৈতিক নেতা ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে এগৰাকী দিব্যাংগ মহিলাৰ ভৰি চুই আশীৰ্বাদ লোৱা দৃশ্যই তাত উপস্থিত থকা সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছিল।
 
শিখা ৰাস্তোগী প্ৰধানমন্ত্ৰীৰ এই কাৰ্যত আৱেগিক হৈ পৰে আৰু হাতযোৰ কৰি থিয় হৈ প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা আৰু সন্মান প্ৰকাশ কৰে। ইয়াৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো আগবাঢ়ি আহি মহিলাগৰাকীক শুভেচ্ছা জনায়।প্ৰধানমন্ত্ৰীয়ে মহিলাগৰাকীৰ ভৰি স্পৰ্শ কৰা ছবিখন নিমিষতে ভাইৰেল হৈ পৰে আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে শ্বেয়াৰ হয়। বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ভানাথি শ্ৰীনিবাসনেও ছবিখন টুইটাৰত শ্বেয়াৰ কৰিছে আৰু ইয়াক ”সকলো মহিলা শক্তিৰ প্ৰতি সন্মান” বুলি অভিহিত কৰিছে। তেওঁ কয় যে “এয়া সকলো মহিলা শক্তিৰ বাবে এক ডাঙৰ সন্মান। আমি সকলোৱে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ গৌৰৱান্বিত।বৃদ্ধ নাগৰিক, মহিলা আৰু শিশুসকলৰ প্ৰতি গভীৰ সন্মানৰ বাবে জনাজাত প্ৰধানমন্ত্ৰীৰ এই কাৰ্যই সকলোকে মন্ত্ৰমুগ্ধ কৰি তুলিছে।”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।