নলবাৰীত সমূহীয়া ইফটাৰ পাৰ্টী

 06/04/2019 - 21:35

নলবাৰীঃ আইটিআই নলবাৰী (বিদ্যাপুৰ) শাখাত আজি সমূহীয়া ইফটাৰ পাৰ্টী আয়োজন কৰা হয়৷ উক্ত ইফটাৰ পাৰ্টীত আইটিআইৰ বিভিন্ন বিষয়ৰ ৬০ জনৰো অধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ লগতে নলবাৰীৰ বিশিষ্ট ব্যক্তিসকলৰ উপৰি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন আৰু সংবাদদাতাসকল উপস্থিত থাকে৷

অনুষ্ঠানৰ শেষত শাখা সঞ্চালক বাণীকান্ত মজুমদাৰে সকলোকে ধন্যবাদ জনোৱাৰ লগতে ঈদ-উল-ফিটৰৰ শুভেচ্ছা জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।