12/17/2021 - 14:47
in
ডুমডুমাঃ ৰাজপথত বাহনৰ অতিমাত্ৰা গতি বেগৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত নিতৌ মানুহৰ মৃত্যু হৈ আছে যদিও কোনো লোকে শিক্ষা লোৱা দেখা যোৱা নাই| ডুমডুমাৰ মানখোৱা চাহ-বাগিচাৰ কলঘৰৰ সন্মুখত দিনৰ 11:30 বজাত সংঘটিত এক পথ দুৰ্ঘটনাত পুনৰ এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে|
ঘটনাৰ বিৱৰণী মতে অৰুনাচলৰ মহাদেৱপুৰৰ পৰা গৰ্ভৱতী মহিলা এগৰাকীক চিকিৎসাৰ বাবে ডুমডুমালৈ আনি থকা AS 23 S 0229 নম্বৰৰ মাৰুতি ভেন এখনে তীব্ৰ বেগৰ ফলত নিয়ত্ৰণ হেৰুৱাই প্ৰথমে দুখন চাইকেলৰ তিনিজন আৰোহিক মহটিয়াই কিছুদুৰ গৈ পুনৰ ৰখাই থোৱা এটা মটৰ চাইকেল মহটিয়াই পথৰ দাঁতিত দম কৰি থোৱা শিলগুটিৰ দমত খুন্দিয়াই|
ইয়াৰ ফলত কুমচাং চাহ-বাগিচাৰ আনন্দ কন্দ নামৰ এগৰাকী পঞ্চাশ উৰ্ধৰ ব্যক্তিৰ থিতাতে মৃত্যুৰ লগতে 2 গৰাকী স্কুলীয়া ছাত্ৰ আহত হয়| ডুমডুমা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহনৰ চালক জনক আটক কৰে| স্থানীয়লোকে উক্ত স্থানত সঘনাই হৈ থকা দুৰ্ঘটনা ৰোধ কৰিবলৈ গতি ৰোধৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক দাবী জনাইছে|