12/17/2021 - 17:39
in
বিশ্বনাথঃ আজি বিশ্বনাথ নগৰৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ পৰা বিশ্বনাথ জিলা আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুজনকৈ ড্ৰাগছ মাফিয়া। ড্ৰাগচ মাফিয়া দুজনৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগচসহ বহু নগদ টকা।বিশ্বনাথ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্ৰ নাথ, ডি এচ পি জয়ন্ত বৰা আৰু বিশ্বনাথ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে এক গোপন সূত্ৰৰ পম খেদি এই অভিযান চলায়।
বিশ্বনাথত কোনো লোকক এই বৃহৎ পৰিমানৰ ড্ৰাগচবোৰ দিবলৈ অনা বুলি সন্দেহ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা ড্ৰাগচ মাফিয়া দুজনৰ এজন হল দলগাঁওৰ ফকিৰ আলি আৰু আনজন হৈছে বেচিমাৰিৰ ইনামূল হক।ইতিমধ্যে বিশ্বনাথ জিলা আৰক্ষীয়ে দুয়োজনক গ্ৰেপ্তাৰ কৰি সোধা-পোছা আব্যাহত ৰাখিছে, বিশ্বনাথত কোন কোন এই অবৈধ ব্যবসায়ীৰ লগত জড়িত।