জামুগুৰিহাটত “নদুৱাৰ সমন্বয় জাতীয় বিদ্যালয়ৰ” আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ

 12/17/2021 - 18:30
 
 
 
জামুগুৰিহাটঃ শোনিতপুৰ জিলাৰ জামুগুৰিহাটৰ মুঢ়াদলত আজি “নদুৱাৰ সমন্বয় জাতীয় বিদ্যালয় ”নমৰ এখন বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ ইয়াৰ পিচতে উত্তৰ জামুগুৰি শাখা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত বিধায়ক গৰাকীয়ে মূঢ়াদল গাঁও নিবাসী তথা উত্তৰ জামুগুৰি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নদুৱাৰ জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠাপক, শিল্পী, সাহিত্যিক প্ৰয়াত প্ৰফুল্ল হাজৰীকাৰ সোঁৱৰণত উত্তৰ জামুগুৰি সাহিত্য সভাই পৰিয়ালবৰ্গৰ সহযোগত প্ৰকাশ কৰি উলিওৱা “প্ৰফুল্লিত প্ৰফুল্ল” নামৰ স্মৰনিকাখন উন্মোচন কৰে৷
 
অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজ পুৰুষ-মহিলাৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভাষণ দি বিধায়ক গৰাকী প্ৰয়াত প্ৰফুল্ল হাজৰিকাৰ গুণানুকীৰ্তন কৰাৰ লগতে  প্ৰকাশিত স্মৰনিকাখনৰ জৰিয়তে ৰাইজে বিশিষ্ট ব্যক্তি তথা শিল্পী সাহিত্যিক অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকীৰ বিষয়ে অৱগত হ’ব আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিব৷ অনুষ্ঠানটিত নদুৱাৰ সমন্বয় জাতীয় বিদ্যালয়ৰ অধ্যক্ষ গজেন শইকীয়া মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহাল উত্তৰ জামুগুৰি উচ্ছ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধানশিক্ষক দ্বয় ক্ৰমে লিলা ভূঞা ৰজনী বৰাৰ লগতে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক বেনীমাধৱ বৰাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে আংশগ্ৰহন কৰি প্ৰয়াত প্ৰফুল্ল হাজৰিকাৰ কৰ্মময় জীৱন বৃত্তান্তৰ ওপৰত বহল ব্যাখ্যা দাঙি ধৰে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।