বিজয়নগৰত অবৈধ চুপাৰীভৰ্তি ট্ৰাক জব্দ

 06/04/2019 - 21:40

মিৰ্জাঃ দক্ষিণ কামৰূপৰ বিজয়নগৰত অবৈধ চুপাৰীভৰ্তি ট্ৰাক জব্দ চেলটেশ্ব বিভাগৰ। DL01GC 5347 আৰু HR 38S6157 নম্বৰৰ অবৈধ চুপাৰীভৰ্তি ট্ৰাক জব্দ। প্ৰায় এক কোটি টকা মূল্যৰ জব্দাকৃত ট্ৰাক দুখন স্থানীয় ৰবি জৈন নামৰ ব্যৱসায়ীজনৰ বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য যে ট্ৰাক দুখনৰ সম্মুখত ভাগত লিখা আছিল 'on army duty '।

দক্ষিণ কামৰূপৰ ব্যৱসায়িক হৃদপিণ্ডস্বৰূপ বিজয়নগৰ অবৈধ চুপাৰী ব্যৱসায়ৰ ঘাটি ৰূপে পৰিচিত। জানিব পৰা মতে অতি কৌশলেৰে এনেদৰে প্ৰায়েই চুপাৰী মাফিয়াই সৰবৰাহ কৰে এই অবৈধ চুপাৰী।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।