ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এন ডি এত ভৰ্তি ১০০০ ত কৈও অধিক মহিলা প্ৰাৰ্থী

 12/18/2021 - 14:04
 
 
নিউজ ডেস্কঃ ভাৰতীয় মহিলাৰ বাবে সুখবৰ। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এন ডি এ পৰীক্ষাত ১০০০ ত কৈও অধিক মহিলা প্ৰাৰ্থী উত্তীৰ্ণ হয়। উক্ত পৰীক্ষাৰ বাবে ৮,০০০ মহিলা প্ৰাৰ্থীয়ে আবেদন জনাইছিল। যোৱা ১৪ নৱেম্বৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল আৰু ১৫ ডিচেম্বৰত এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰে।
 
এই পৰীক্ষাত উত্তীৰ্ণ হোৱা মহিলা প্ৰাৰ্থীসকলে পৰৱৰ্তী স্তৰত বাছনি বোৰ্ড আৰু চিকিৎসা পৰীক্ষা দিব লাগিব। ইয়াৰোপৰি আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী তথা এন ডি এ পাঠ্যক্ৰমৰ বাবে এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰাৰ লগতে এই দলটোত প্ৰায় ২০ গৰাকী মহিলা কেডেট ভৰ্তি কৰা হ'ব। ছেপ্তেম্বৰ মাহত উচ্চতম ন্যায়ালয়ৰ এক আবেদন অনুসৰি ভাৰত চৰকাৰে  ভাৰতৰৰ সামৰিক বাহিনীত স্থায়ী আয়োগৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীত মহিলা প্ৰাৰ্থীক ভৰ্তিকৰণৰ খবৰক ভাল খবৰ বুলি অভিহিত কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।