"সভ্য সমাজত ভুৱা সংঘৰ্ষৰ কোনো স্থান নাই"- অৰুণ মিশ্ৰ

 12/18/2021 - 14:17
 
 
 
নিউজ ডেস্কঃ "সভ্য সমাজত ভুৱা সংঘৰ্ষৰ কোনো স্থান নাই"। ভুৱা সংঘৰ্ষক 'বৰ্বৰ' বুলি অভিহিত কৰি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (এনএইচআৰচি) অধ্যক্ষ ন্যায়াধীশ অৰুণ মিশ্ৰই এই মন্তব্য প্ৰদান কৰে।
 
ন্যায়াধীশ মিশ্ৰই ৰাজ্যখনত অসম আৰক্ষীৰ দ্বাৰা সংঘটিত গুলীচালনাৰ অভিযোগৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰ দি এই মন্তব্য কৰি কয় যে মে’ মাহৰ পৰা ৰাজ্যত কমেও ৩১ জন লোকৰ মৃত্যুৰ তথ্য নথিভুক্ত কৰা হৈছিল।
 
তেওঁ লগতে কয়- "এজন দোষী ব্যক্তিক আদালতত বিচাৰ কৰিব লাগে আৰু আইন অনুসৰি শাস্তি দিব লাগে। এই দেশত তাৎক্ষণিক ন্যায়ৰ কোনো অৱকাশ নাই আৰু আইনে নিজৰ কৰ্ম কৰাটো নিত্যান্তই প্ৰয়োজনীয়।"
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।