গুৰুদ্বাৰাত প্ৰসাদ বিতৰণ কৰিবলৈ ব্যৱহৃত চিগাৰেটৰ পেকেজিং

 12/18/2021 - 14:57
 
 
 
নিউজ ডেস্কঃ গুৰুদ্বাৰাত অঘটন। গুৰুদ্বাৰাত প্ৰসাদ বিতৰণ কৰিবলৈ চিগাৰেটৰ পেকেজিং ব্যৱহাৰ হোৱাৰ কথা পোহৰলৈ আহিছে। পাকিস্তানৰ কৰতাৰপুৰৰ গুৰুদ্বাৰা দৰবাৰ চাহিবলৈ অহা ভক্তসকলক প্ৰসাদ বিতৰণ কৰিবলৈ চিগাৰেট পেকেজিং সামগ্ৰীৰে নিৰ্মিত ডিচপোজেবল পেপাৰ প্লেট ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
 
ইতিমধ্যে সামাজিক মাধ্যমতো বহু ভক্তই প্ৰসাদ বিতৰণ কৰা প্লেটৰ ফটো শ্বেয়াৰ কৰিছে। প্লেটবোৰত চিগাৰেট ব্ৰেণ্ড 'গোল্ড ষ্ট্ৰীট'ৰ ফটো পৰিলক্ষিত কৰাৰ লগে লগে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে ভক্তসকলে। ইপিনে গুৰুদ্বাৰা কৰ্তৃপক্ষই জনোৱা অনুসৰি তেওঁলোকে বিগত তিনিদিনৰ পূৰ্বেহে এই কথাৰ আভাষ পাইছিল। তেওঁলোকে এই সম্পৰ্কত পদক্ষেপ গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।