ভয়ংকৰ! যোৱা ২ বছৰত কাৰাগাৰৰ কয়দীৰ সংখ্যা ১৪ শতাংশলৈ বৃদ্ধি

 12/18/2021 - 15:36
 
 
নিউজ ডেস্কঃ শেহতীয়াকৈ কমনৱেল্থ মানৱ অধিকাৰ উদ্যোগৰ এক সমীক্ষা অনুসৰি যোৱা ২ বছৰত কাৰাগাৰৰ জনসংখ্যা ১৪ শতাংশলৈ বৃদ্ধি হোৱাৰ উদ্বেগজনক তথ্য প্ৰকাশ হৈছে। এই সমীক্ষা অনুসৰি ২৪ খন ৰাজ্যৰ কাৰাগাৰৰ জনসংখ্যাৰ বিশ্লেষণত বিগত ৩১ ডিচেম্বৰ, ২০১৯ ৰ পৰা চলিত বৰ্ষৰ ১২ নৱেম্বৰলৈ কয়ডীৰ সংখ্যা ১৪ শতাংশলৈ বৃদ্ধি হৈছে।
 
পূৰ্বে ২৪ খন ৰাজ্যৰ কাৰাগাৰৰ জনসংখ্যা ৪,০০,২৬৮ ৰ পৰা ৪,৫৫,৮৮৬ লৈ বৃদ্ধি হৈছিল। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো, কাৰাগাৰৰ ৱেবছাইট আৰু আদালতৰ নথি-পত্ৰৰ তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০১৯ চনলৈ প্ৰতি বছৰে কাৰাগাৰৰ জনসংখ্যাৰ ২% ৰ পৰা ৪% শতাংশলৈ বৃদ্ধি হৈছে। ভাৰতত ইতিমধ্যে কাৰাগাৰসমূহত বন্দীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কৰ্তৃপক্ষই বিভিন্ন সংগ্ৰাম কৰি আছে। বৰ্ধিত গ্ৰেপ্তাৰ, জামিনৰ আবেদনৰ শুনানিত পলম, আৰু নিয়মীয়া আদালতৰ কাম স্থগিত ৰখাৰ ফলত এই বিপদজনক পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।