12/23/2021 - 12:54
in
বিহালীঃ বিহালী বিধানসভা সমষ্টিত চলি থকা একাংশ ইটা-ভাটাৰ মালিকৰ মৈমতালি। এইটো বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগাংৰ এটা পথ। পথটোৰে চুবুৰীয়া অঞ্চলৰ বহুসংখ্যক স্থানীয় ৰাইজ, ছাত্ৰ-ছাত্ৰী দৈনিক যাতায়ত কৰে। যদিও খৰালি প্ৰতিবছৰে উক্ত পথটো দি প্ৰায় ১৫ টাকৈ ভাটাৰ ট্ৰেক্টৰ, জেচিবি, ডাম্পাৰ চলাচল কৰে, যাৰ ফলত সমগ্ৰ পথটো ধূলিৰে আৱৰি পৰে।
অন্যহাতে, লক্ষ্যণীয় বিষয়টো হ'ল যে ভাটাৰ এইসমূহ বাহনৰ চলাচলে পথটোৰ অৱস্থা তথৈবচ কৰি তুলিছে। এইক্ষেত্ৰত গাঁওবাসীয়ে ইটা ভাটাৰ মালিক সকলক অভিযোগ দিয়াত মালিক পক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। ফলত ৰাইজ উপায়ন্তৰ হৈ অঞ্চলটোৰে চলাচল কৰা সকলো গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰিলে। এইক্ষেত্ৰত ৰাইজৰ দাবী অতি সোনকালে মালিক পক্ষই পথটো যাতায়তৰ বাবে সুচল কৰি তোলক।