ধেমাজিৰ গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বছৰেকীয়া আয় প্ৰমাণপত্ৰৰ জালিয়তি

 06/05/2019 - 12:24

ধেমাজিঃ বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ দৰে এক গুৰুত্বপূৰ্ণ নথিক জালিয়াতি কৰাৰ ঘটনা সংঘটিত হৈছে গোগামুখ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। মঙ্গলবাৰে দিনৰ ভাগত বহু ছাত্ৰ-ছাত্ৰীয়ে নতুনকৈ নামভৰ্তী কৰিবৰ হেতু বছৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ আহে কাৰ্যালয়টোলৈ।

ধূসৰ ৰ'দক নেওচি প্ৰমাণ পত্ৰৰ বাবে অপেক্ষা কৰি থকা লোকসকলক সুৰেশ গগৈ নামৰ দালালজনে চক্ৰবিষয়াৰ চহী জালিয়তি কৰি প্ৰমাণ পত্ৰসমূহ ২০ টকাকৈ বিতৰণ কৰি থকা ঘটনাই কাৰ্যালয়টোক চৰম লজ্জানত কৰা পৰিলক্ষিত হৈছেl

ঘটনাৰ বিৱৰন অনুসৰি কেইগৰাকীমান ছাত্ৰীয়ে বিদ্যালয়ত নামভৰ্তী কৰিবৰ বাবে প্ৰয়োজনীয় নথি বছেৰেকীয়া আয়ৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ আহে গোগামুখ ৰাজহ চক্ৰ বিয়াৰ কাৰ্যালয়টোলৈ। তেনেতে সুৰেশ গগৈ নামৰ গোগামুখ বালিগাঁৱৰ দালালটোৰ কবলত পৰে ছাত্ৰী কেইগৰাকী।প্ৰমাণপত্ৰ সমূহ কাৰ্যালয়টোৰ বিষয়াই পৰীক্ষা কৰাত জালিয়তি কৰাৰ কথা পোহৰলৈ আহে।

লগে লগে কাৰ্যালয়টোৰ চৌহদত হৈ চৈ লাগে আৰু কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীৰ চকুৰ সন্মুখৰ পৰাই দৌৰি পলাই যাবলৈ সক্ষম হয় দালাল সুৰেশ গগৈ l ঘটনা সন্দৰ্ভত সুৰেশৰ লগত অহা পত্নী মামনী গগৈক কৰ্মচাৰীসকলে কৰায়ত্ব কৰি গোগামুখ আৰক্ষী থানাত চমজাই দিয়ে l ঘটনা সন্দৰ্ভত গোগামুখ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছেl

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।