12/23/2021 - 14:27
in
নিউজ ডেস্কঃ শৈশৱৰে পৰা বিজ্ঞানী হোৱাৰ সপোন বাস্তৱত পৰিণত হ’ল অলকেশৰ। জুৰিয়াৰ নাজনিন য়াছমিনৰ পিছত এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিলে তিতাবৰৰ অলকেশ কলিতাই।তিতাবৰ তিনিআলিৰ মাজগাঁৱৰ মণিকাঞ্চন পথৰ বাসিন্দা অলকেশ। ২০১৪ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯১ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছিল অলকেশ।
তাৰ পিছত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত ৯৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল। ইয়াৰ পিছত তেওঁ আইআইটি জেইই পৰীক্ষাত উত্তীৰ্ণ হৈ আই আই টি অধ্যয়ন নকৰি কেৰালাৰ ইছৰো মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল। ইছৰো মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান ৫ বছৰ অধ্যয়ন কৰি তৃতীয় ৰেংকত উত্তীৰ্ণ হয় অলকেশ। তাৰ পিছতে ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি দিয়ে অলকেশক।৮ জানুৱাৰীত নিজৰ ঘৰখনৰ পৰা কৰ্ম জীৱনলৈ যাত্ৰা কৰিব অলকেশে।