সুদীৰ্ঘ ৩০ বছৰৰ পাছত পুনৰ মুকলি ১২৫ বছৰ পুৰণি গীৰ্জা

 12/23/2021 - 15:29
 
 
নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ আটাইতকৈ পুৰণি গীৰ্জাসমূহৰ ভিতৰত অন্যতম চেইণ্ট লুকচ গীৰ্জা ৩০ বছৰৰ পাছত পুনৰ মুকলি কৰা হৈছে। শ্ৰীনগৰত অৱস্থিত প্ৰায় ১২৫ বছৰ পুৰণি গীৰ্জাটো ১৯৯০ৰ দশকত উগ্ৰবাদীৰ সন্ত্ৰাসৰ বাবে বন্ধ কৰি দিয়া হৈছিল। চহৰখনৰ ডালগেট অঞ্চলৰ শংকৰাচাৰ্য পাহাৰৰ পাদদেশত হৃদৰোগ চিকিৎসালয়ৰ ওচৰত অৱস্থিত গীৰ্জাটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হ’ব। গীৰ্জাটো পুনৰ নিৰ্মাণ কৰি ইয়াৰ গীৰ্জাটোৰ পুৰণি গৌৰৱ উদ্ধাৰ কৰিবলৈ ইয়াক পুনৰ নিৰ্মাণ কৰি সুদীৰ্ঘ ৩০ বছৰৰ পাছত মুকলি কৰি দিয়া হৈছে।
 
স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত জম্মু-কাশ্মীৰৰ পৰ্যটন বিভাগে গীৰ্জাৰ নৱীকৰণৰ কাম হাতত লৈছিল।চেইণ্ট লুকচ গীৰ্জা বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই উদ্বোধন কৰিব। এই প্ৰচেষ্টাত খ্ৰীষ্টান ধৰ্মৰ লোকসকল সুখী হৈ পৰিছে। যদিও বৰদিন অৰ্থাৎ খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোক সকলৰ এক ধৰ্মীয় উৎসৱ, তথাপি দেখা যায় যে বিশ্বৰ প্ৰায় আটায়েই জাতি, ধৰ্ম, বৰ্ণ আৰু ভাষা নিৰ্বিশেষে এই পবিত্ৰ দিনটোলৈ সমান উৎসাহেৰে বাট চাই ৰয়৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।