কাৰাগাৰত কয়দীৰ সংখ্যা বৃদ্ধিঃ শেহতীয়াকৈ ভাড়াত বিচাৰিছে কাৰাগাৰ, ব্যয় কৰিবলৈ সাজু বৃহৎ পৰিমাণৰ ধন

 12/23/2021 - 15:58
 
 
 
নিউজ ডেস্কঃ কাৰাগাৰত কয়দীৰ সংখ্যা অধিক হোৱাৰ বাবে বিকল্পৰ সন্ধান কৰিছে ডেনমাৰ্কে। শেহতীয়াকৈ ভাড়াত কাৰাগাৰ বিচাৰিব লগা হৈছে। চুবুৰীয়া দেশ কছোভোৰ সৈতে চুক্তিবদ্ধ হৈছে, যাৰ অধীনত ভাড়াত লোৱা হ’ব ৩০০ কাৰাগাৰ কোষ।ডেনমাৰ্কৰ পৰা বিতাড়িত অপৰাধীসকলক এই ভাড়াৰ কাৰাগাৰত ৰখা হ’ব। ডেনমাৰ্কৰ আইন অনুসৰি এইসকল লোকে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব।
 
উল্লেখ্য যে, কছোভোৰ কাৰাগাৰত বৰ্তমান আছে ৭০০ৰ পৰা ৮০০টা কোঠা যিবোৰ এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। গতিকে বৰ্তমানে এই কোঠাবোৰ ডেনমার্কক ভাড়াত দি বছৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব। এক বিবৃতি অনুসৰি দুয়োখন চৰকাৰে ‘ৰাজনৈতিক ঘোষণা’ পত্ৰত স্বাক্ষৰ কৰিছে যাৰ অধীনত কাৰাগাৰসমূহ ভাড়াত বিনিময় কৰা হৈছে।ডেনমাৰ্কৰ ন্যায় মন্ত্ৰী নিক হেকেৰুপৰ মতে এই চুক্তিয়ে ডেনমাৰ্কৰ কাৰাগাৰ আৰু ইয়াৰ বিষয়াসকলৰ বোজা হ্ৰাস কৰিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।