আমি গো হত্যা ৰোধ কৰিবহে বিচাৰিছো, আমি কৃষিৰ বাবে গো পালন বন্ধ কৰিব বিচৰা নাই- মুখ্যমন্ত্রী

 12/23/2021 - 18:09
 
 
নিউজ ডেস্কঃ সদনত গৃহীত হ’ল গো-সুৰক্ষা সংশোধনী বিধেয়ক। মুখ্যমন্ত্রীৰ মন্তব্য- আমি গো হত্যা ৰোধ কৰিবহে বিচাৰিছো। আমি কৃষিৰ বাবে গো পালন বন্ধ কৰিব বিচৰা নাই।বাংলাদেশৰ সীমামূৰীয়া জিলালৈ গো সৰবৰাহ বন্ধ কৰিব বিচাৰিছো।ম’হৰ ক্ষেত্রত কোনো বিধেয়ক নাথাকে।
 
এতিয়াৰ পৰা অবৈধ গো সৰবৰাহ কৰা বাহনৰ গৰাকী শাস্তিৰ সন্মুখীন হ’ব।আৰক্ষীয়ে জব্দ কৰি বাহনখন নিলাম কৰি দিব। মানুহ মৰা, জন্তু মৰা এই প্রৱনতাৰ পৰা আমি মুক্ত হ’ব লাগিব।দুগ্ধ উৎপাদনত আমি গুৰুত্ব প্রদান কৰিব লাগিব।দেখা গৈছে গো মাংসক লৈহে ব্যস্ত বহুত, গাখীৰক লৈ নহয়।গৰুৰ প্রতি জিঘাংসা কম কৰিব লাগিব।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।