হাউলীত প্ৰায় ২০ লাখ টকা মূল্যৰ কেঁকো সাপ জব্দ

 06/05/2019 - 12:34

বৰপেটাঃ বৰপেটাৰ হাউলীত আৰক্ষীৰ অভিযান। এখন মাৰুতি অ'ল্টো গাড়ীৰ পৰা ৭ ডাল কেঁকো সাপ জব্দ। আটক মহিলাসহ দুই কেঁকো সাপ সৰবৰাহকাৰী৷ ধৃত কেঁকো সাপ সৰবৰাহকাৰী ক্ৰমে আমিনা খাটুন আৰু জিয়াৰুল ইছলাম৷

 

দুয়োগৰাকী কেঁকো সাপ সৰবৰাহকাৰীৰ ঘৰ কলগাছিয়াত৷কলগাছিয়াৰ পৰা গুৱাহাটীলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছিল কেঁকো সাপ কেইডাল৷ জব্দকৃত কেঁকো সাপ কেইডালৰ আনুমানিক মূল্য প্ৰায় ২০ লাখ টকা৷ হাউলী চহৰত আৰক্ষীৰ নিয়মীয়া তালাচীত ধৰা পৰে কেঁকো সাপসহ দুই সৰবৰাহকাৰী৷

এএছ ০১ ডিএক্স ৬৩৬৫ নম্বৰৰ এখন মাৰুতি অ'ল্টো গাড়ীত অনা হৈছিল কেঁকো সাপ কেইডাল৷ধৃত আমিনা আৰু জিয়াৰুলক আৰক্ষীৰ জেৰা অব্যাহত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।