পুনৰ কাৰ্বি আংলঙৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান

 12/24/2021 - 12:00
 
 
বোকাজানঃ পুনৰ কাৰ্বি আংলঙৰ বোকাজানৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান। সীমান্তৰ লাহৰিজানৰ দুদু কলনিত এই অভিযান।উচ্ছেদিত একাংশ পৰিয়ালৰ প্ৰতিবাদ। উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ পিছত উচ্ছেদ কৰাৰ অভিযোগ উচ্ছেদিত পৰিয়ালৰ। ইতিমধ্যে লাহৰিজানত সাজু হৈ পৰিছে আৰক্ষী, CRPF বৃহৎ দল। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলো উপস্থিত হৈছেহি লাহৰিজানত।
 
উল্লেখ্য যে উক্ত এলেকাত চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি ১৮১ ঘৰে বসতি স্থাপন কৰি আছিল। এলেকাটোত ১০০ তকৈও অধিক লোকৰ ঘৰত এই অভিযান। ইয়াৰ পূৰ্বে ২০ ডিচেম্বৰত চলিছিল উচ্ছেদ অভিযান। ইতিমধ্যে সৰহ সংখ্যকেই উচ্ছেদ চলোৱাৰ পূৰ্বেই ঘৰৰ সা-সামগ্ৰী লৈ এই স্থান ত্যাগ কৰিছে। ইতিমধ্যে ১৪৪ ধাৰা জাৰি কৰিছে লাহৰিজান অঞ্চলত।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।