কৰ’ণাৰ নতুন প্রজাতি অ’মিক্ৰনৰ আতংক! উত্তৰ প্ৰদেশৰ নিৰ্বাচন দুমাহ পিছুৱাই দিবলৈ অনুৰোধ উচ্চ ন্যায়ালয়ৰ

 12/24/2021 - 13:14
 
 
 
নিউজ ডেস্কঃ কৰ’ণাৰ নতুন প্রজাতি অ’মিক্রনে বিশ্বজুৰি পুনৰ নতুন আতংকৰ সৃষ্টি কৰিছে।ভাৰতত এই প্রজাতিৰ ভাইৰাছৰ সংক্রমণ প্রতিৰােধ কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে।চিকিৎসকসকলে পৰামর্শ দি কয় যে অ’মিক্ৰনৰ সংক্রমণ সহজে আৰু সােনকালে চিনাক্ত কৰিবলৈ হ’লে সকলাে নাগৰিকে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সতর্কতা অৱলম্বন কৰিব লাগিব।
 
চর্দি লগা, কাহ, জ্বৰ, মূৰৰ বিষ, হাত-ভৰিৰ বিষ, ভােক নলগা, শ্বাস-প্রশ্বাসৰ সমস্যা, খাদ্যৰ সােৱাদ অনুভৱ নকৰা, গােন্ধ অনুভৱ নকৰাৰ দৰে উপসর্গই দেখা দিলে পলম নকৰি চিকিৎসকৰ পৰামৰ্শ ল’বলৈ বিশেষজ্ঞসকলে সকলােকে আহ্বান জনাইছে। ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ।ইফালে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময় সমাগত। উত্তৰ প্ৰদেশত এতিয়া বলিছে মাথোঁ ৰাজনৈতিক বতাহ।
 
২০২২ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক ক্ষেত্ৰৰ ৰথী-মহাৰথীসকল ব্যস্ত হৈ পৰিছে কেনেদৰে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰিব পাৰি তাৰ কুচকাৱাজ ৰচনা কৰাত। এইখিনিতে এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগক আগন্তুক উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এমাহ বা দুমাহ পিছুৱাই দিবলৈ অনুৰোধ জনাইছে।
 
এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে। অ’মিক্ৰনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বানচী প্ৰচাৰ আৰু ৰে’লীসমূহ স্থগিত ৰাখিবৰ বাবে অনুৰোধ জনাইছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।