ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তিতাবৰৰ এখন চৰকাৰী নাৰ্চাৰীয়ে

 06/05/2019 - 13:12

তিতাবৰঃ আজি বিশ্ব পৰিবেশ দিৱস। জনসাধাৰণৰ মাজত পৰিবেশ সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্য প্ৰতি বছৰে পালন কৰা এই দিৱস। যোৰহাট বনসংমণ্ডলৰ অধীনত থকা তিতাবৰৰ খণ্ড বনবিষয়াৰ কার্যালয়ৰ অন্তৰ্গত তিতাবৰৰ কুণ্ডাৰগাঁও অঞ্চলত থকা এখন নাৰ্চাৰী। নাম কেম্পা নাৰ্চাৰী। তিতাবৰ খণ্ড বনবিষয়া বিকেন পেগুৰ তত্বাৱধানত এই নাৰ্চাৰীখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। কিয়নো এই নাৰ্চাৰীখনত আছে বিভিন্ন প্ৰজাতিৰ ফুল,বাঁহ,গছৰ পুলি আৰু প্ৰায় ৩০ বিধৰো অধিক প্ৰজাতিৰ অৰ্কিড।

উল্লেখযোগ্য যে এই নাৰ্চাৰীখনত আছে কেইবাবিধ ঔষধি গছৰ পুলিও। কেইবাটাও ৰোগ নিৰাময় কৰিব পৰা ঔষধি গছৰ পুলি উপলব্ধ এইখন কেম্পা নাৰ্চাৰীত। ইয়াৰ উপৰিও বন বিষয়াগৰাকীয়ে বিলুপ্ত হৈ যাবলৈ ধৰা বিভিন্ন প্ৰজাতিৰ ঔষধি গছ আৰু অৰ্কিড সমূহ সংগ্রহ কৰি এটা সংগ্ৰহালয় খোলাৰো সপোন বান্ধি ৰাখিছে। এই নাৰ্চাৰীখন কিদৰে এটা বীজৰ পৰা অংকুৰিত হৈ গছৰ পুলি উদ্ভাৱন কৰা হয় সেইয়া শিকিব পৰাকৈ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে আছে বহু সুবিধা। নাৰ্চাৰী চাবলৈ অহা পৰ্যটকৰ বাবে আছে কেইবাটাও আতক ধুনীয়াকৈ সাজি থোৱা জিৰণি চৰা।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে প্লাষ্টিকৰ পলিথিন ব্যৱহাৰ নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে নাৰিকলৰ পেলনীয়া খুলা সংগ্ৰহ কৰি গছ পুলি উৎপাদনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে বনবিষয়াগৰাকীয়ে। আজি বিশ্ব পৰিৱেশ দিনাই সমূহ ৰাইজক তিতাবৰ খণ্ড বিষয়া বিকেন পেগুৱে অনুৰোধ জনায় যে বিশ্ব পৰিবেশৰ দিনা ৰোপণ কৰা গছৰ পুলিবোৰ ভাল দৰে তদাৰক কৰি জীয়াই ৰাখিবলৈ আৰু গছৰ পুলিটো ডাঙৰ কৰিবলৈ চেষ্টা কৰাৰ আহ্বান জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।