অ’মিক্ৰনৰ আতংক! উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশত নাইট কাৰ্ফিউ জাৰি

 12/24/2021 - 17:33
 
 
নিউজ ডেস্কঃ এইবাৰ বিশ্বজুৰি আতংক সৃষ্টি কৰিছে অ’মিক্ৰন। অ’মিক্ৰন দ্ৰুতগতিত বিয়পি পৰিছে। ইয়াৰ উৎপত্তিস্থল হ’ল দক্ষিণ আফ্ৰিকা। বৰ্তমানলৈকে বিশ্বৰ প্ৰায়কেইখন দেশতে অ’মিক্ৰনৰ সন্ধান পোৱা গৈছে।
 
ভাৰততো অ’মিক্ৰনে আতংকৰ সৃষ্টি কৰিছে।ইফালে জানুৱাৰী-ফেব্ৰুৱাৰীত কৰ’নাৰ তৃতীয় ঢৌৰ প্ৰভাৱ সৰ্বাধিক পৰিব। কেৱল এয়াই নহয় সেই সময়ত অ’মিক্ৰনৰ মাত্ৰাও তুংগত উঠিব।আকৌ নতুন বছৰৰ আৰম্ভণিতে উত্তৰ প্ৰদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, গোৱা আৰু মণিপুুৰ বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।
 
ফলত সেই সময়ত নতুনকৈ সংক্ৰমণ বাঢ়িলে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা প্ৰবল। দেশৰ বাবে নতুন সংকট হৈ ধৰা দিছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰন৷ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উদ্বেগৰ মাজতে দেশখনত হঠাতে বৃহৎ সংখ্যক লোক অ’মিক্ৰনত আক্ৰান্ত হোৱাক লৈ সৃষ্টি হৈছে শংকাৰ এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰধানমন্ত্ৰী মোডী আৰু নিৰ্বাচন আয়োগক কোভিড-১৯ আৰু অ’মিক্ৰনৰ বৰ্ধিত ঘটনাৰ কথা বিবেচনা কৰি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন এক-দুমাহৰ বাবে স্থগিত ৰখাৰ বিষয়ে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছে।
 
আনহাতে মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ চৰকাৰে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ নাইট কাৰ্ফিউ জাৰি কৰিছে। অসমো অ’মিক্রনৰ গ্ৰাসত পৰাৰ প্ৰবল সম্ভাৱনা। বাহিৰৰ পৰা কোন আহিছে কোন গৈছে তাৰ কোনো হিচাপ নাই। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।