পুনৰ হ’ব নেকি লকডাউন, চাৰিখন ৰাজ্যত নাইট কাৰ্ফিউ আৰম্ভ

 12/25/2021 - 12:38
 
 
নিউজ ডেস্কঃ দেশত অমিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।১২খন ৰাজ্যত ৩০০ৰো অধিক লোক কোৰোনাৰ এই নতুন ভেৰিয়েন্টত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত এতিয়ালৈকে সৰ্বাধিক লোক আক্ৰান্ত হৈছে অমিক্ৰণত। এতিয়ালৈকে দেশত ৩৫৮গৰাকী লোক আক্ৰান্ত হৈছে অমিক্ৰণত।শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুজৰাট, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশৰ লগতে হাৰিয়ানাত আৰম্ভ হৈছে নৈশ সান্ধ্য আইন। নিশা ১১বজাৰ পৰা পুৱা ৫বজালৈ এই সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাজহুৱা স্থানত অধিক লোকৰ সমাগমৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।