বিশ্বকাপৰ বা-বতৰা

 06/05/2019 - 13:40

ডিজিটেল ডেস্কঃ শ্ৰীলংকাই এইবাৰ বিশ্বকাপত নিজৰ দ্বিতীয় খেলত জয়ী হৈছে। মেগা ইভেন্টখনৰ প্রথম খেলত নিউজিলেণ্ডৰ হাতত ১০ উইকেটত বিধবস্ত হােৱা শ্ৰীলংকাই কালি বর্ষাবিঘ্নিত খেলখনত ডাকৱর্থ লিৱিছ পদ্ধতিৰ জৰিয়তে আফগানিস্তানক ৩৪ ৰানত পৰাজিত কৰে। বৰষুণৰ বাবে ৪১ অভাৰলৈ হ্রাস কৰা খেলখনত পুনৰ নিৰ্ধাৰিত ১৮৭ ৰানৰ লক্ষ্যৰ পিছ লােৱা আফগানিস্তানে ৩২.৪ অভাৰত ১৫২ ৰানহে কৰে। নাজিবুল্লাহ জদ্রানে সর্বাধিক ৪৩ আৰু হজৰতুল্লাহে ৩০ ৰান কৰে। যদিও জয়ৰ বাবে যথেষ্ট নহ'ল।

শ্রীলংকাৰ নুৱান প্রদীপে ৩১ ৰানত সর্বাধিক ৪টা, আৰ লাছিথ মালিংগাই ৩৯ ৰানত পায় ৩টা উইকেট। ইয়াৰ আগেয়ে প্রথম বৰষুণ অহাৰ সময়ত শ্রীলংকাই ৩৩ অভাৰত ৮টা উইকেট হেৰুৱাই সংগ্রহ কৰিছিল ১৮২ ৰান। পৰৱৰ্তী সময়ত পুনৰ খেল আৰম্ভ হােৱাত শ্রীলংকাই ৩৬.৫ অভাৰত ২০১ ৰানত কেউটা উইকেট হেৰুৱায়।

কুশল পেৰেৰাই সর্বাধিক ৭৮, ডিমুথ কৰুণাৰত্নেই ৩০ আৰু লিহিৰু থিৰিমানেই ২৫ ৰানৰ বৰঙনি যােগায়। আফগানিস্তানৰ মহম্মদ নবীয়ে ৩০ ৰানত সর্বাধিক ৪টা উইকেট দখল কৰে। আনহাতে ছিদ খান আৰু ডলত জদ্রানে পায় দুটাকৈ উইকেট। নুৱান প্ৰদীপে ৯ অ’ভাৰত ৩১ ৰান দি সৰ্বাধিক ৪ টা উইকেট দখল কৰি মেন অৱ দ্য মেচ হয়।

বিশ্বকাপৰ অষ্টম আৰু নৱমখন খেল আজি অনুষ্ঠিত হ’ব। প্ৰথমখন খেল দিনৰ ৩ বজাৰ পৰা ছাউথএম্পটনৰ দ্য ৰ’জ বউলত দক্ষিন আফ্ৰিকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব লণ্ডনৰ কেনিংটন অ’ভেলত সন্ধিয়া ৬ বজাৰ পৰা বাংলাদেশ আৰু নিউজিলেণ্ডৰ মাজত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।