ক’ভিড আক্ৰান্ত শিশুসকলৰ মাজত উপহাৰ বিতৰণ ছাণ্টাৰ, সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’

 12/25/2021 - 14:38
 
 
নিউজ ডেস্কঃ বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা ক’ভিড মহামাৰীৰ বাবে যোৱা দুটা বছৰ ম্লান পৰিছে খ্ৰীষ্টমাছৰ আনন্দ।অৱশ্যে এইবাৰ বৰদিনৰ প্ৰাকক্ষণত শিশুসকলৰ বাবে পুনৰ উপহাৰৰ টোপোলা লৈ আহিছে ছাণ্টাই।বিশেষকৈ কোভিড আক্ৰান্ত হৈ আইশ্য’লেট হৈ থাকিবলগা হোৱা শিশু সকলক ছাণ্টাই বৰদিনৰ উপহাৰ প্ৰদান কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
 
পেৰুত এগৰাকী ছাণ্টাই অগ্নি নিৰ্বাপক ইঞ্জিনত উঠি কোভিড-১৯ত আক্ৰান্ত শিশু সকলক প্ৰদান কৰে বৰদিনৰ উপহাৰ।পেৰুৰ ৰাজধানী লিমাৰ পেন আমেৰিকান ভিলেজত ছাণ্টাই অগ্নি নিৰ্বাপক ইঞ্জিনত উঠি খিৰিকীৰ ওচৰত ৰৈ থকা কোভিড আইশ্য’লেট হৈ থকা শিশু সকলক উপহাৰ প্ৰদান কৰাৰ দৃশ্যই যেন পুনৰ বৰদিনৰ আনন্দ ঘূৰাই আনিছে।পেন আমেৰিকান ভিলেজৰ সঞ্চালক জুয়ান অৰিউণ্ডোৱে কয়, “যিহেতু এইবোৰ কোভিড অঞ্চল, আপুনি পৰোক্ষভাৱে যাব নোৱাৰে। কিন্তু ছাণ্টা আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে এটা সমাধান উলিয়াই লৈ শিশু সকলক বৰদিনৰ আনন্দ প্ৰদান কৰিছে।”
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।