12/25/2021 - 16:07
in
সৰুপথাৰঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিনৰ লগত সংগতি ৰাখি বৃহৎ মটৰ চাইকেল ৰেলি বৰপথাৰ পৌৰসভা এলেকাত ভাৰতীয় জনতা যুৱ মৰ্চা বৰপথাৰ মণ্ডলৰ উদ্যোগত সুশাসন দিৱস আয়োজন। প্ৰথমে অটল বিহাৰী বাজপেয়ীৰৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন, চিনাকি পৰ্ব আৰু বৃহত বাইক ৰেলিৰে এই কাৰ্য্যসূচী আয়োজন কৰে।
লগতে আহিবলগীয়া ফেব্ৰুৱাৰীত পৌৰ সভাৰ নিৰ্বাচনত ১০টা ৱাৰ্ডতে প্ৰতিদ্বন্দীতা আগবঢ়োৱাৰ লগতে, সকলো ৱাৰ্ডতে জয়ী হোৱাৰ আশা প্ৰকাশ কৰে ভাৰতীয় জনতা যুৱ মৰ্চাই আৰু অহা ২০ জানুৱাৰী তাৰিখে ঠেঙাল কছাৰী নিৰ্বাচনত সকলো আসনতে এক বৃহৎ জয় হ’ব বুলি মন্তব্য কৰে।