12/25/2021 - 16:26
in
মাৰ্ঘেৰিটাঃ আজি পৱিত্ৰ বৰদিন। যিশুখ্ৰীষ্টৰ জন্ম দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ লেখাপানী অঞ্চলৰ তিৰাপ পাহাৰপুৰ গাঁৱটো উলহ-মালহেৰে উদযাপন কৰে বৰদিন। ধৰ্মীয় পৰম্পৰা অনুসৰি আজি পুৱাই খ্ৰীষ্টিয়ান ধৰ্মীয় পবিত্ৰ অনুষ্ঠান গীৰ্জাত সকলোৱে প্ৰাৰ্থনা জনায়। খ্ৰীষ্ট ধৰ্মীয় মহাপুৰুষ যিশুখ্ৰীষ্টৰ আজি দিনটোত জন্মগ্ৰহণ কৰাৰ বাবে সমগ্ৰ খ্ৰীষ্টিয়ান ধৰ্মীয় বিভিন্ন প্ৰান্তৰ উপৰিও পাহাৰপুৰ গাঁৱৰ চেমা নগা সকলে ৰাজহুৱাকৈ অনুষ্ঠিত কৰে বৰদিন।
আজি হেঁপাহৰ বৰদিনৰ লগত সংগতি ৰাখি বিভিন্ন ব্যঞ্জনেৰে সমজোৱাভাৱে প্ৰীতিভূজৰ আয়োজন কৰি সকলোৱে লগে ভাগে তৃপ্তিৰে এসাজ গ্ৰহণ কৰে। আজি এই বিশেষ দিনটোত যাতে কোনো এমুঠি আহাৰ নোখোৱাকৈ থাকিব নোৱাৰে, সেয়ে ওচৰ চুবুৰীয়া প্ৰত্যেককে এমুঠি আহাৰ দিয়াটো তেওঁলোকৰ ধৰ্ম। তাৰ লগে লগে ৰাজহুৱা খেলপথাৰত বৰদিনৰ লগত সংগতি ৰাখি খেল-ধেমালি আয়োজন কৰি হাঁহি ধেমালিৰ দিনটো অতিবাহিত কৰে।