শাস্ত্ৰজ্ঞ পণ্ডিত প্ৰয়াত মনীন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান

 06/05/2019 - 14:17

গোলাঘাটঃ বিগত বছৰবোৰৰ দৰে এইবেলিও মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত সৰ্বাধিক নম্বৰ প্ৰাপ্ত কৃতী ছাত্ৰ-ছাত্ৰীসকলক "সদৌ অসম ব্ৰাহ্মণ সমাজ"ৰ গোলাঘাট বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি অহা ১৫ জুন, ২০১৯ শনিবাৰে, পুৱা ১০-৪৫ বজাত প্ৰয়াত মনীন্দ্ৰ নাথ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা অধিৱেশনৰ মঞ্চত প্ৰদান কৰা হ'ব।

প্ৰতি বছৰে এই বঁটা প্ৰয়াত মনীন্দ্ৰ চন্দ্ৰ শৰ্মাৰ স্মৃতিৰ উদ্দেশ্যে গোৱালপাৰা জিলাৰ দলগোমাত থকা তেওঁৰ পৰিয়ালবৰ্গই প্ৰদান কৰি আহিছে। চলিত বছৰৰ বঁটা প্ৰাপক সকল হ'ল যথাক্ৰমে ২০১৮ বৰ্ষৰ উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ক সৰ্বাধিক নম্বৰ (৯৫%)লাভ কৰা অনামিকা ভূঞা(মঙলদৈ),অনামিকা দাস(ৰঙিয়া)মানসী শৰ্মা (নলবাৰী)আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ পোৱা যথাক্ৰমে, কাকুলি শৰ্মা(ৰঙিয়া)পম্পী ডেকা,(নলবাৰী)ক প্ৰয়াত মনীন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ পৰিয়ালৰ হৈ শ্ৰী অলকা বালা দেৱীয়ে, ওপৰত উল্লেখ কৰা ছাত্ৰী কেইগৰাকীক, ১৫ জুন, ২০১৯চন, শনিবাৰে গোলাঘাটৰ সদৌ অসম ব্ৰাহ্মণ সমাজৰ অধিৱেশনথলীত উপস্থিত হৈ বটা গ্ৰহণ কৰিবলৈ ইয়াৰে অনুৰোধ জনাইছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।