12/25/2021 - 18:51
in
লক্ষীপুৰঃ গোৱালপাৰাৰ লক্ষীপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত ভাৰতৰত্ন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭তম জন্মজয়ন্তী উপলক্ষে সু-শাসন দিৱস কাৰ্যসূচীত উপস্থিত হোৱাৰ পিছত প্ৰয়াত নেতা গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে বিত্ত আৰু জনকল্যাণ মন্ত্রী তথা গোৱালপাৰা জিলা অভিভাৱক মন্ত্রী অজন্তা নেওগ, লগতে সমাগত পৌৰসভা নিৰ্বাচনত লক্ষীপুৰ নগৰত থকা দহটা ওৱাৰ্ডতেই যাতে বিজেপি দলৰ জয় নিশ্চিত হয় সেই সম্পর্কে প্ৰস্তুত হবলৈ বিজেপি কৰ্মকৰ্তা সকলোক আহ্বান জনায়।