চাংসাৰিত এম্বুলেঞ্চ সেৱাৰ বিষয়া কৰ্মচাৰীৰ মাজত ক্ৰিকেট খেল প্ৰতিযোগিতা

 12/26/2021 - 12:30
 
 
বাইহাটা চাৰিআলিঃ এম্বুলেঞ্চ সেৱাৰ বিষয়া কৰ্মচাৰীৰ মাজত ক্ৰিকেট খেল প্ৰতিযোগিতা। জৰুৰী সেৱাত ব্ৰতি হৈ থাকিলেও তেওঁলোকৰো আছে এক ক্ৰীড়া সুলভ মন। প্ৰতি মূহুৰ্তত জৰুৰীকালীন সেৱাৰ লগত জড়িত হৈ থকাৰ মাজতে চাংসাৰিত অনুষ্ঠিত হ’ল এই ক্ৰিকেট প্ৰতিযোগিতা ।
 
চাংসাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত প্ৰায় দহটা দলে অংশগ্ৰহণ কৰে। কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাত চুড়ান্ত বিজয়ৰ খিতাপ অৰ্জন কৰে কামৰূপ মেট্ৰ' জিলাই। প্ৰতিযোগিতাখনিৰ Man of the Match আৰু Man of the series খিতাপ অৰ্জন কৰে জয়ন্ত কলিতাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।