আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী ঘোষণাৰ প্ৰস্তাৱ

 03/13/2019 - 16:28

ডিজিটেল ডেস্ক: জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্রাসবাদী আখ্যা দিব লাগে। আমেৰিকাই এই কথা ব্যক্ত কৰি কয় যে মাছুদ আজহাৰক বিশ্বৰ সন্ত্রাসবাদী ঘোষিত কৰিবলৈ পৰ্যাপ্ত তথ্য আছে আৰু ইয়াকে নকৰিলে দেশৰ স্থিৰতা আৰু শান্তিত ব্যাঘাত জন্মিব।ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত এই বিষয়টো আজি উত্থাপন কৰা হ’ব।

আমেৰিকাৰ বিদেশ মন্ত্রালয়ৰ উপ প্ৰবক্তা ৰবাৰ্ট পলাডিন'য়ে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে। লগতে তেওঁ উল্লেখ কৰে যে জইছ-ই-মহম্মদ নামৰ সংগঠনটো বহুকেইটা সন্ত্রাসবাদী আক্ৰমণৰ লগত জড়িত আৰু ইয়াক প্ৰতিৰোধ নকৰিলে ই দেশৰ শান্তিৰ ক্ষেত্রত বিপদ মাতিব।

অৱশ্যে, এতিয়ালৈকে এই সন্দৰ্ভত চীনে স্থিতি স্পষ্ট কৰা নাই । চীনে এই প্ৰস্তাৱত সন্মতি জনালে মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ অহা সপ্তাহতে গৃহীত হ’ব । আমেৰিকা আৰু ভাৰতে মিলিত হৈ সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বুলিও তেওঁ মন্তব্য আগবঢ়ায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.