চেঙাত ৰেডিয়েন্স ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত জিকিৰ কৰ্মশালাত জিকিৰ সম্ৰাট আজিমুদ্দিন আহমেদ

 12/26/2021 - 17:30
 
 
 
 
পূৱ বৰপেটাঃ বৰপেটা জিলাৰ চেঙাত দেওবাৰে এদিনীয়াকৈ অনুষ্ঠিত হৈছে জিকিৰৰ কৰ্মশালা। আজান ফকীৰৰ সৃষ্টিৰাজি জিকিৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৰেডিয়েন্স ফাউণ্ডেচনৰ উদ্যোগত দেওবাৰে ২৯ নং চেঙা মুছলমান পাৰা অভ্যসন মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় জিকিৰৰ কৰ্মশালা। কৰ্মশালা আৰম্ভ হোৱাৰ পূৰ্বেই বিশিষ্ট শিক্ষক আবজেল আলীৰ সভাপতিত্বত অনুষ্ঠিত হয় কৰ্মশালা উদ্বোধনী সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৰেডিয়েন্স ফাউণ্ডেচনৰ অবৈতনিক শৈক্ষিক সমন্বয়ক হাচিব উদ্দিন আহমেদে।
 
সভাখনত আদৰণি ভাষণ প্ৰদান কৰে কাৰিকৰী শিক্ষা বিভাগ, অসমৰ যুটীয়া সঞ্চালক ডঃ নজৰুল হকে। আদৰণি ভাষণত ডঃ হকে কয় যে স্ব-গোষ্ঠীয় পৰিচয়ৰ বাবে নিজৰ সংস্কৃতিৰ বিষয়ে জনাটো অত্যন্ত জৰুৰী। সাহিত্য, সংস্কৃতিৰ দিশত আগুৱাই গ'লে বিভিন্ন দিশত সহায়ক হোৱা বুলিও মন্তব্য কৰে ডঃ হকে। বৰপেটা জিলাৰ ঐতিহাসিক চেঙা মুছলমান গাঁৱত এইদৰে এখন জিকিৰৰ কৰ্মশালা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক জিকিৰৰ ধাৰণা দিবলৈ প্ৰয়াস কৰা হৈছে বুলিও মন্তব্য কৰে ডঃ হকে।
 
জিকিৰৰ কৰ্মশালাৰ উদ্বোধন কৰে বিশিষ্ট বিষয় শিক্ষক ৰোহিণী কুমাৰ দাসে। উদ্বোধনী ভাষণত ৰোহিণী কুমাৰ দাসে কয় যে- যোগাত্মক কাৰ্যব্যৱস্থাই এখন সমাজ, এটা জাতি আৰু এখন ৰাষ্ট্ৰৰ উন্নতিৰ সৰ্বস্তৰৰ পথ প্ৰশস্ত কৰে। আজান পীৰ চাহাবে জিকিৰ-জাৰি ৰচনাৰে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক একেডাল জৰীৰে বান্ধি অসমীয়া সাহিত্য-সংস্কৃতিৰ বৰভেটি টনকিয়াল কৰিছিল। প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় স্তৰত পাঠ্যক্ৰমত জিকিৰৰ বিষয়ে অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৰোহিণী কুমাৰ দাসে।
 
কৰ্মশালাখনত প্ৰশিক্ষক হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থীসকলক জিকিৰৰ প্ৰশিক্ষণ দিয়ে শিৱসাগৰৰ জিকিৰ সম্ৰাট আজিমুদ্দিন আহমেদে। জিকিৰ সম্ৰাট আজিমুদ্দিন আহমেদে উদ্বোধনী সভাখনত শ্ৰীমন্ত শঙ্কৰদেৱৰ বৰগীত আৰু আজান পীৰ চাহেবৰ জিকিৰৰ মাজত থকা সাদৃশ্যসমূহৰ বিষয়ে উল্লেখ কৰে। বৰগীত আৰু জিকিৰ গাই তাৰ অৰ্থবোৰ ভাষণৰ জৰিয়তেই বুজাই দিয়ে প্ৰশিক্ষক আজিমুদ্দিন আহমেদে। উদ্বোধনী অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট লোকে ভাষণ প্ৰদান কৰে জিকিৰৰ কৰ্মশালাখনত অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখন সম্পন্ন হোৱাৰ পিছত অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলক ৰেডিয়েন্স ফাউণ্ডেচনৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।