আজি শ্ৰীশ্ৰী বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্যৰ তিৰোভাৱ তিথি

 12/26/2021 - 18:10
 
 
পূৱ বৰপেটাঃ ভাৰতবৰ্ষৰ গদ্য সাহিত্যৰ জনক মহাপুৰুষ শ্ৰীশ্ৰী বৈকুণ্ঠ নাথ ভাগৱত ভট্টাচাৰ্য চমুকৈ ভট্টদেৱৰ আজি ৩৮৪ সংখ্যক তিৰোভাৱ  তিথি। আৰু এই তিৰোভাৱ তিথি উপলক্ষে সৰ্থেবাৰীৰ ব্যাসকুছিৰ ভট্টদেৱ সত্ৰত অনুষ্ঠিত হৈছে ব্যাসকুছিৰ সভা মহোৎসৱ। আজি ভট্টদেৱৰ পুণ্য পুতঃভূমি ব্যাসকুছি সত্ৰত এইদৰে পালন কৰা হল ৩৮৪ সংখ্যক তিৰোভাৱ তিথি।
 
ভট্টদেৱে নিজে স্থাপন কৰা ব্যাসকুছি সত্ৰত এইদৰে আজি পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পুৱাই প্ৰভাত ফেৰী কৰাৰ পিছত এইদৰে ভাগৱত শোভাযাত্ৰা আৰু ৰাজহুৱা নাম প্ৰসঙ্গ কৰা হয়। একেদৰে আজি মহাপুৰুষ ভট্টদেৱৰ পূণ্য পুতঃভূমি ব্যাসকুছিত পিণ্ড দান কৰা হয়। আবেলি অনুষ্ঠিত হয় এক ধৰ্মালোচনী সভা। আৰু পাঁচদিনীয়াকৈ পালন কৰা হয় এই তিৰোভাৱ তিথি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।