কলগাছিয়াত পালন ঈদ-উল ফিতৰ

 06/05/2019 - 14:40

কলগাছিয়াঃ এমাহ ৰোজাৰ অন্তত সমগ্ৰ দেশৰ লগতে কলগাছিয়াতো ঈদ-উল ফিতৰ পালন কৰা হয়। সমগ্ৰ দেশজুৰি ইছলাম ধৰ্মালম্বী লোকসকলে ঈদ-উল-ফিতৰ উদযাপন কৰে। জনীয়া সমষ্টিৰ কলগাছিয়া ঈদগাহ মৈদানত প্ৰাক্তন বিধায়ক ডঃ হাফিজ ৰফিকুলৰ ইমামতিত দুই ৰাকাত ৱাজীৱ নামাজেৰে আদায় কৰিলে ঈদৰ নামাজ।

কলগাছিয়াৰ লগতে জনীয়া, দেওকুৰা, খৰিচালা, বালিকুৰী, জনতা, লাংলা, মইনবৰী, বাঘবৰ আদিকে ধৰি বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ঈদ-উল-ফিতৰ উপলক্ষে নামাজ পঢ়িবলৈ পুৱা মছজিদ আৰু ঈদগাহত উপস্থিত হয় ইছলাম ধৰ্মালম্বী লোকসকল। সমগ্ৰ দেশজুৰি মাহজোৰা ৰোজা পালনৰ পিছত মুছলমান লোকসকলে ঈদ-উল-ফিতৰৰ নামাজ পঢ়িবলৈ বিভিন্ন মছজিদ আৰু ঈদগাহত মিলিত হয়।

কান্ধত কান্ধ মিলাই ইজনে সিজনৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰে। নামাজৰ পিছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে বিশ্ব শান্তিৰ লগতে সকলো ধৰ্মৰ লোকৰ মাজত মিলাপ্ৰীতি আৰু একতা বজাই ৰখাৰ বাবে আল্লাৰ ওচৰত দোৱা কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।