বহি:ৰাজ্যত পুনৰ মৃত্যু অসমৰ যুৱকৰ: হত্যাৰ সন্দেহ পৰিয়ালৰ

 06/05/2019 - 14:50

বিলাসীপাৰা: বহি:ৰাজ্যত পুনৰ হত্যা কৰা হ'ল অসমৰ যুৱকক। এই ঘটনা সংঘটিত হৈছে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ বিজয়ৱাৰা ৰে'ল ষ্টেচনত। এইবাৰ বহি:ৰাজ্যত দুৰ্বৃত্তৰ হত্যাৰ বলি হ'ল চাপৰৰ শালকোছা নেওগীপাৰাৰ গোবিন্দ সূত্ৰধৰ নামৰ যুৱক এজন। যোৱা ৫ মে' তাৰিখে এজন সমনীয়াৰ সৈতে কৰ্মসংস্থান বিছাৰি নিউ বঙাইগাঁও ৰে'ল ষ্টেচনৰ পৰা গুৱাহাটী-ছেকেণ্ড্ৰাবাদ এক্সপ্ৰেছৰ জৰিয়তে ৰাওনা হৈছিল ছেকেণ্ড্ৰাবাদ অভিমুখে।

কিন্তু ছেকেণ্ড্ৰাবাদৰ গন্তব্য স্থান পোৱাৰ কিছু পূৰ্ব্বে অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ বিজয়ৱাৰা ৰে'ল ষ্টেচনৰ পৰা সন্ধানহীন হৈ পৰে গোবিন্দ সূত্ৰধৰ। কিন্তু পৰিয়ালবৰ্গ জ্ঞাত হোৱা নাছিল গোবিন্দ সন্ধানহীন হোৱাৰ কথা। হঠাৎ পৰিয়ালটোলৈ আহিল এক দুখৰ খবৰ।

উক্ত ৰে'লৱে ষ্টেচনটোতে সন্দেহজনক অৱস্থাত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ। ঘটনাস্থলীৰপৰা পৰিয়ালবৰ্গলৈ প্ৰেৰণ কৰা ফটোসমূহত যুৱকজনৰ দেহত আঘাতৰ চিহ্ন স্পষ্ট হৈ থকাত এয়া এক হত্যাকাণ্ড বুলি দাবী কৰিছে পৰিয়ালবৰ্গই। এতিয়া সকলো ঘটনা পোহৰলৈ আহিব আৰক্ষীৰ তদন্তত।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।