12/27/2021 - 18:23
in
ৰঙিয়াঃ ৰঙিয়া প্ৰশাসনৰ আজৱ কাণ্ড৷ এটা ভৱনত দুটাকৈ ৰাজনৈতিক দলক দিলে সভা অনুষ্ঠিত কৰিবলৈ অনুমতি। ৰঙিয়া মহকুমা প্ৰশাসনে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেল নামৰ ৰাজনৈতিক দলটোক সভা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছিল। কিন্তু সভা অনুষ্ঠিত কৰিব আহি ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ নেতা কৰ্মীসকল হতভম্ব হয়। ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলক ৰঙিয়া মহকুমা প্ৰশাসনে অনুমতি প্ৰদান কৰা হৰদত্ত-বীৰদত্ত ভৱনত BJP দলে সভা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাই আছিল।
ভোটাৰ্চ পাৰ্টি অৱ ইন্টাৰনেচনেলৰ সহস্ৰাধিক নেতা কৰ্মীয়ে ৰঙিয়া চহৰত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে।একাংশ কৰ্মীয়ে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰে যদিও ৰঙিয়া আৰক্ষীয়ে নেতা কৰ্মী সকলক বুজনি দিয়াৰ চেষ্টা কৰে ৷BJP দলৰ এনে কৰ্মকাণ্ড হিটলাৰী শাসনৰ লগত তুলনা কৰিছে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলৰ অসমৰ সভাপতি ললিত পেগুৱে৷ শেষত মহকুমা প্ৰশাসনে ভোটাৰ্চ পাৰ্টি ইন্টাৰনেচনেলক ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সভা আনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰে।কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভেটাৰ্চ পাৰ্টিৰ সমূহ নেতা কৰ্মীক ৰঙিয়া মহাবিদ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷