গোলাঘাটত অসম সাহিত্য সভাৰ ১০৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 12/27/2021 - 19:27
 
 
গোলাঘাটঃ দিনজোৰা কাৰ্যসূচীৰে আজি গোলাঘাটত উদযাপন কৰা হৈছে অসম সাহিত্য সভাৰ ১০৫ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস।  
গোলাঘাট জিলা সাহিত্য সভাৰ উদ্যোগত, জিলাখনৰ শাখা সাহিত্য সভা সমূহ, বিভিন্ন সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সহযোগত গোলাঘাট নগৰৰ সমন্বয় ক্ষেত্ৰত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে গোলাঘাটত উদযাপিত হৈছে অসমৰ ৰাইজৰ আদৰৰ জাতীয় সংগঠন অসম সাহিত্য  সভাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস৷ এই উপলক্ষে পুৱা প্ৰায় ৮-৩০ বজাত ১০৫ খন পতাকা উত্তোলন কৰা হয়।
 
এই পতাকা উত্তোলন কাৰ্যসূচীত  অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া, উপ-সভাপতি মৃণালীনী দেৱী, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা,অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচা, প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা, কেন্দ্ৰীয় প্ৰতিনিধি,জিলা সাহিত্য সভাৰ সভাপতি, গোলাঘাট জিলাৰ শাখা সাহিত্য সভা সমূহৰ সভাপতি, জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব,জ্যেষ্ঠ নাগৰিক,নবীল প্ৰবীণ সাংবাদিক আদিয়ে। পতাকা উত্তোলনৰ পছতেই পাচতেই অনুষ্ঠিত হয় স্মৃতি তৰ্পণ কাৰ্যসূচী।
 
ইয়াৰ পাছতে ১০৫ গৰাকী মহিলাই 'অ' মোৰ আপোনাৰ দেশ' গীত পৰিৱেশন কৰে। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হ'ব বৰ্ণাঢ্য সাংস্কৃতিক সমাৰোহ আৰু প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত নাগালেণ্ডৰ সৰ্বোচ্চ আৰু সন্মানীয় অভিভাৱক জাতীয় সংগঠন নগা হোহোৰ অধ্যক্ষ এইচ.কে জিমমীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে৷ মুকলি সভা শুভ উদ্বোধন কৰে অৰুণাচলৰ বিশিষ্ট লেখক, সাহিত্যিক, ভাৰতীয় বায়ু সেনাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত উচ্চ পদস্থ বিষয়া মহন্ত পাংগিঙে ।
 
সভাত অসম সাহিত্য সভাৰ উপ-সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাতৃ মৃণালিনী দেৱী, বিধায়ক বিশ্বজিৎ ফুকন, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ বৰুৱা,অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন গগৈ, গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা,আৰক্ষী অধীক্ষক সুমিত শৰ্মা, নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক কাজল শইকীয়া, উপ-মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ, বড়ো, কাৰ্বি, মিছিং আদি সাহিত্য সভা,আটছা,আছা সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰে।
 
জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত বড়ো,কাৰ্বি,মিছিং,ৰাভা,বিহু, উড়িয়া জনগোষ্ঠীয় নৃত্য,মহিলাৰ ভোৰতাল, ঝুমুইৰ,কণ-কণ ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰ্থনা গীত,সত্ৰীয়া নৃত্য আদিৰে উক্ত দিনা মুখৰিত হ’ল গোলাঘাট সমন্বয় ক্ষেত্ৰৰ বাকৰি। সভাত অৰুণাচল পৰা অহা আৰু নাগাৰাজ্যৰ পৰা অহা বিশিষ্ট অতিথি দুগৰাকীয়ে অসম নাগালেণ্ড তথা অসম অৰুণাচল ৰাজ্য সমূহৰ লগত শান্তিৰ বাৰ্তা কঢ়িয়াই আনে৷
 
লগতে ভাষণ সন্দৰ্ভত তথা সংবাদ দাতাৰ লগত হোৱা কথোপকথনত ৰাজ্যৰ বিভিন্ন স্থানত কিছুদিনৰ পৰা অসমীয়া ভাষালৈ ভাবুকী কঢ়িয়াই অনা সংক্ৰান্তত অৱজত কৰে যে,ইমান জাউতি যোগীয়া অসমীয়া সংস্কৃতি তথা ভাষাটোক দুই এজন লোকে ইয়াত অসমীয়া নচলিব বা বেনাৰ প’ষ্টাৰ আদি পেলাই দিয়া বা ফালি পেলুৱা কাৰ্যই একো হানি কৰিব নোৱাৰে৷ কিন্তু এইখিনিতে আমাৰ অসমীয়া ৰাইজক অনুৰোধ জনাই যে আমি যাতে আমাৰ নৱপ্ৰজন্মক অসমীয়া ভাষাৰ প্ৰতি সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰয়াস অব্যাহত ৰাখো৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।