৩১ ডিচেম্বৰ সমাগতঃ মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই তৎপৰ হৈ পৰিছে কচুৱা আৰক্ষী

 12/28/2021 - 12:53
 
 
 
 
কামপুৰঃ ২০২১ বৰ্ষ শেষ হ’বলৈ মাজত মাথোন তিনিটা দিন। আহি আছে ৩১ ডিচেম্বৰ। এইবাৰ আগতীয়াকৈ মুখ্যমন্ত্ৰীৰ ঘোষণা "৩১ ডিচেম্বৰত এজনো মৰিব দিয়া নহব"।ৰাজ্যৰ মুখ্যমন্ত্ৰী জনৰ এই ঘোষণাৰ পিছতেই তৎপৰ হৈছে আৰক্ষী। সমগ্ৰ অসমৰ লগতে আজি নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে কচুৱাৰ বিভিন্ন এলেকাত গাড়ী চালক; বাইক চালকৰ বিৰুদ্ধে অভিযান চলাই।
 
হেলমেট পৰিধান নকৰা; লাইচেঞ্চ নথকা বাইক চালকৰ অভিযান চলাই জৰিমনা আদায় কৰে আৰক্ষীয়ে। উল্লেখ্য যে কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুঞ্জনন টাইদ আৰু আহিদুল ইছলামৰ নেতৃত্বত চলিছিল এই অভিযান।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।