ধুবুৰীতো সুৰাপায়ী চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

 12/28/2021 - 13:02
 
 
ধুবুৰীঃ ধুবুৰীতো পৰিবহণ বিভাগৰ তীব্ৰ অভিযান। সুৰাপায়ী চালকৰ বিৰুদ্ধে নিশা অভিযান। যান-বাহন আইন অৱজ্ঞা কৰা লোকক জৰিমনা বিহে আৰক্ষীয়ে। কালি নিশা প্ৰায় এক লাখ টকা জৰিমনা বিহে ধুবুৰী আৰক্ষীয়ে।
 
হেলমেট পৰিধান নকৰা দুচকীয়া, চাৰিচকীয়া বাহনৰ ছিট বেল্টৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ কঠোৰ অভিযান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পিছত ধুবুৰী আৰক্ষীয়ে হেলমেট পৰিধান নকৰা চালকৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই হেলমেট নিপিন্ধা চালকৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পার্থ প্ৰতিম গগৈৰ নেতৃত্বত নাকা চেকিং লগাই জৰিমনা বিহাৰ লগতে সকীয়নি দিয়া পৰিলক্ষিত হৈছে।
 
উল্লেখ যে মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো ধুবুৰী একাংশ পুলিচৰ লগতে সাধাৰণ ৰাইজে হেলমেট নিপিন্ধি টিঘিল ঘিলাই ঘূৰি-ফুৰা পৰিলক্ষিত হৈছে ফলত ধুবুৰী আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে হেলমেট নিপিন্ধা লোকৰ বিৰুদ্ধে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত ধুবুৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পার্থ প্রতিম গগৈ সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।