নগাঁও জিলাৰ কন্দলী কামপুৰকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীৰ তাণ্ডৱ, একাংশ দুষ্ট চক্ৰৰ বাবে হাতী খেদাত ব্যৰ্থ বন বিভাগ আৰু ৰাইজ

 12/28/2021 - 14:00
 
 
 
কামপুৰঃ একাংশ দুষ্ট চক্ৰৰ বাবে বন্যহস্তী খেদাত ব্যৰ্থ হৈছে বন বিভাগ৷ নগাঁও জিলাৰ কন্দলী কামপুৰকে ধৰি বিভিন্ন অঞ্চলত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে বন্যহস্তীয়ে৷ ভাঙিছে বাসগৃহ, খাই তহিলং কৰিছে খেতি-পথাৰ৷ দিনে নিশাই আপ্ৰাণ চেষ্টা কৰিও একপ্ৰকাৰ হাতী খেদাত ব্যৰ্থ হৈছে বন বিভাগ৷ নগাঁৱৰ কঠিয়াতলী শগুনবাহীত দেখা গ'ল এক নান্দনিক দৃশ্য৷
 
বাগানৰ মাজত পোৱালীৰ সৈতে ধেমালি বন্যহস্তীৰ এটা বৃহৎ জাকৰ৷ নগাঁৱৰ কন্দলী আৰু কাৰ্বি পাহাৰৰ পৰা নামি অহা জাকটো পাহাৰলৈ খেদিবলৈ দিনত হ'লে ৰাইজে আৰু নিশা বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও কাৰ্বি পাহাৰত থকা ম'হৰ খুটি আৰু গছ কটা বনদস্যুৰ মেচিনৰ শব্দত বন্যহস্তী পাহাৰলৈ উঠি নোযোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
 
বিগত এমাহ ধৰি দিনত শগুনবাহী চাহ-বাগানত থাকি নিশা হ’লেই জনাঞ্চলত উপদ্ৰৱ চালায় হাতীৰ জাকটোৱে৷ প্ৰতিদিনে বন্যহস্তীৰ উপদ্ৰৱত গঞাৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি নষ্ট হোৱাৰ লগতে ঘৰ-দুৱাৰ ভাগি লণ্ড-ভণ্ড কৰি আহিছে বন্যহস্তীৰ জাকটোৱে। নিজৰ সম্পত্তি ৰক্ষাৰ স্বাৰ্থত বিগত এটা মাহ ধৰি উজাগৰি নিশা পাৰ কৰিব লগা হৈছে গঞাই৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।