12/28/2021 - 15:18
in
গোলাঘাটঃ আজি দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয় অসম সাহিত্য সভাৰ ১০৫ তম প্ৰতিষ্ঠা দিৱস। সীমিত সংখ্যক সাহিত্য অনুৰাগীৰে উদযাপিত হোৱা অনুষ্ঠান ভাগিক লৈ ক্ষোভ ব্যক্ত কৰিছে একালৰ অসম সাহিত্য সভা কৰ্ণধাৰ সমিতিৰ প্ৰাক্তন সদস্য নুৰুল চুলতানে।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত প্ৰাক্তন সদস্য গৰাকীয়ে মঞ্চৰ মূল বেনাৰত বিজ্ঞাপনৰ চিম্বল দিয়া কাৰ্যক বিৰোধিতা কৰি অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে পতাকা উত্তোলন কৰোতে জাতীয় সাজ-পাৰ পৰিধান নকৰাত সভাপতি গৰাকীকক তীব্ৰ সমালোচনাত সৰৱ হোৱা দেখা যায়। আনফালে সভাপতি কুলধৰ শইকীয়াই শাৰিৰীক অসুস্থতাৰ কাৰণে জাতীয় সাজ পৰিধান নকৰি পতাকা উত্তোলন কৰিব লগা লগা হল বুলি সাংবাদিকক স্পষ্ট কৰি দিয়ে।