লাহৰীঘাটত চাৰি চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

 12/28/2021 - 18:05
 
 
লাহৰীঘাটঃ আজি লাহৰীঘাট আৰক্ষীয়ে কছাৰীবড়ীৰ পৰা ৪ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ অপৰাধী কেইটা হল খাইৰুল ইছলাম, আবুল কাশেম ,চাদিকুল ইছলাম আৰু তবিবুল হুছেইন। চাইবাৰ অপৰাধী কেইটাৰ পৰা মবাইল ১০ টা চীম কাৰ্ড ১১৫টা, আধাৰ কাৰ্ড ১৯ টা পান কাৰ্ড ১২টা আৰু,এটি এম কাৰ্ড ৮ টা আৰু দুটা দামী মটৰ চাইকেল জব্দ কৰে। দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধী কেইটাই আনৰ  আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন লোণ এপৰ জৰিয়তে লোণ লৈ লাখ লাখ টকা আত্মসাত কৰি আহিছে।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।