আজিৰে পৰা গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অসম গ্ৰন্থ মেলা

 12/29/2021 - 13:10
 
 
 
নিউজ ডেস্কঃ ২৯ ডিচেম্বৰ বুধবাৰৰ পৰা গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থ মেলা। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব এইবাৰৰ অসম গ্ৰন্থ মেলা।ৰাজ্যৰ প্ৰসিদ্ধ সাংবাদিক তথা সাহিত্যক সদ্য প্ৰয়াত হোমেন বৰগোহঞি আৰু লক্ষ্মীনন্দন বৰাৰ নামেৰে এইবাৰ গ্ৰন্থমেলাৰ দুটা প্ৰেক্ষাগৃহ উচৰ্গা কৰা হৈছে।
 
আনহাতে গ্ৰন্থ বিপণীৰ শাৰীৰ নামাকৰণ ৰাজ্যৰ ৭ জন প্ৰসিদ্ধ ব্যক্তিৰ নামেৰে নামাকৰণ কৰা হৈছে।১২ দিন ধৰি অনুষ্ঠিত হ’বলগীয়া এই গ্ৰন্থ মেলাত এইবাৰ ৰাজ্যৰ লগতে বহিঃৰাজ্য আৰু বিদেশৰ মুঠ ১৫০ খন বিপণীয়ে অংশগ্ৰহণ কৰিব। বুধবাৰে বিয়লি ৩ বজাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰন্থ মেলা উদ্বোধন কৰাৰ সম্ভাৱনা আছে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।