বোকাজানৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ বিশ্ব পৰিবেশ দিৱস উদযাপন

 06/05/2019 - 15:21

বোকাজান: আজি বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বোকাজানৰ মহকুমাৰ খটখটিস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সামূহিক কেন্দ্ৰত ৰোপণ কৰা হয় সহস্ৰাধিক ভিন্ন প্ৰকাৰৰ গছপুলি। সামূহিক কেন্দ্ৰটোৰ ডিআইজি শ্বাহনাৱাজ খান আৰু ডিআইজি ডি এছ বেঞ্জে শুভাৰম্ভণী কৰা বৃক্ষৰোপন কাৰ্যসূচীত সকলো শীৰ্ষ বিষয়া উপস্থিত হৈ ৰোপন কৰিলে সহস্ৰাধিক গছপুলি। উল্লেখ্য যে সামূহিক কেন্দ্ৰৰ চৌহদৰ লগতে চৌহদৰ বাহিৰতো গছপুলি ৰোপন কৰিলে সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱানসকলে।

ৰাইজক সুস্থ পৰিবেশৰ বাবে গছৰ প্ৰয়োজনীয়তা সম্পৰ্কত সচেতনতা অৱলম্বন কৰিবলৈও আহ্বান জনাই সামূহিক কেন্দ্ৰটোৰ ডি আই জি শ্বাহনাৱাজ খানে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।