ঈদৰ দিনাই ইছলাম যুৱকসকলে দেখুৱালে শান্তি-সম্প্ৰীতিৰ নিদৰ্শন

 06/05/2019 - 15:41

দেৰগাঁও: আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উল ফিতৰ। ৰাজ্যৰ ভিবিন্ন প্ৰান্তৰ লগতে দেৰগাঁৱৰ লগতে দিচৈ চাৰিআলিটো উলহ মালহেৰে পালন কৰা হ'ল ঈদ-উল ফিতৰ। পবিত্ৰ ঈদ-উল ফিতৰৰ দিনাই দেৰগাঁৱৰ দিচৈ চাৰিআলিৰ ইছলাম ব্যৱসায়ীসকলে ঈদৰ নামাজ আদায় কৰি আহি দিচৈ চাৰিআলিত সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত বিনামূলীয়া চৰবত, কেক, বিশুদ্ধ খোৱাপানী বিতৰণ কৰি দেখুৱালে শান্তি সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন।

ব্যৱসায়ীসকলৰ এনে কাৰ্যৰ শলাগ লয় দেৰগাঁৱৰ সচেতন মহলে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।