12/30/2021 - 15:19
in
জামুগুৰিহাটঃ মংগলদৈ নিবাসী গৌৰিশংকৰ কলিতাই প্ৰকৃতিৰ সুৰক্ষা আৰু ৰক্ত দান সন্দৰ্ভত সজাগতা সৃষ্টিৰ লক্ষ্যৰে পদযাত্ৰা আৰম্ভ কৰি আজি জামুগুৰিহাটত উপস্থিত হয়৷ এইক্ষেত্ৰত চৰকাৰৰ প্ৰশাসন ব্যৱস্থাটেৱে তেওঁক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰে৷ কলিতাই জানিবলৈ দিয়া মতে তেওঁ ২০১৯ বৰ্ষৰ ডিচেম্বৰ মাহতে এই পদযাত্ৰা আৰম্ভ কৰি সুদুৰ দিল্লীত উপস্থিত হৈছিল যদিও ক’ভিড পৰিস্থিতিৰ পৰিপেক্ষিতত থমকি ৰব লগা হৈছিল৷ কিন্তু বৰ্তমান ক’ভিড পৰস্থিতি শাম কটাৰ বাবেই কলিতাই পুনৰ পদযাত্ৰা আৰম্ভ কৰে৷