ৰঙিয়াত চাৰিদিন ধৰি সম্পূৰ্ণৰূপে বিকল ইন্টাৰনেট সেৱা, অনিশ্বয়তাত পেঞ্চনাৰ লগতে কৰ্মচাৰীৰ দৰমহা

 12/30/2021 - 16:15
 
 
 ৰঙিয়াঃ ৰঙিয়াত পেঞ্চনাৰ কৰ্মচাৰীসকলে নতুন বছৰৰ পূৰ্বে নাপাব তেওঁলোকৰ দৰমহা। চাৰিদিন ধৰি অকল কাৰ্য্যালয়ত উপস্থিত থাকিয়েই সময় অতিবাহিত কৰিছে ৰঙিয়া মহকুমাধিপতি কাৰ্য্যালয়ৰ আধিনত থকা কেইবাটাও কাৰ্য্যালয়। ইয়াৰ মূল কাৰণটো হৈছে ইন্টাৰনেট সেৱা বিকল। ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাগ্ৰিজুলীলৈ সংযোগ হোৱাকৈ নিৰ্মীয়মান অৱস্থাত থকা পথৰ নিৰ্মাণকাৰ্য্যৰ বাবে ইন্টাৰনেট সেৱা বিকল হৈ পৰিছিল। যোৱা চাৰিদিনধৰি ভাৰত চৰকাৰৰ টেলিকম বিভাগৰ কৰ্মচাৰীয়ে চেষ্টা কৰিও ঠিক কৰিব পৰা নাই ইন্টাৰনেট সেৱা।
 
যাৰ ফলত ৰঙিয়া মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ অধিনত থকা ৰঙিয়া কোষাগাৰ বিষয়াৰ কাৰ্য্যালয়, নিৰ্বাচনী বিভাগৰ কাৰ্য্যালয়, পঞ্জীয়ন বিভাগৰ কাৰ্য্যালয়ৰ লগতে খাদ্য আৰু যোগান বিভাগৰ কাৰ্য্যালয় সম্পুৰ্ণৰূপে বিকল হৈ আছে। জানিবপৰা মতে আৰু তিনি চাৰিদিনলৈ উক্ত কাৰ্য্যালয় কেইটাত উপলব্ধ নহয় ইন্টাৰনেট সেৱা। যদিহে এনেদৰে ইন্টাৰনেট সেৱা বন্ধ হৈ থাকে তেতিয়া হলে নতুন বছৰৰ প্ৰথম সপ্তাহলৈ বিভিন্ন বিভাগৰ কৰ্মচাৰী তথা পেঞ্চনাৰ সকলে নেপাব দৰমহা। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।