12/30/2021 - 19:14
in
বিহালীঃ ৩১ ডিচেম্বৰ তাৰিখে সুৰা সেৱনক লৈ ৰাজ্য চৰকাৰে নতুন নতুন নিয়ম বলবৎ কৰিছে। আৰক্ষী প্ৰশাসন সুৰাপান কৰা যান-বাহনৰ চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সেই সময়তে কিন্তু বিশ্বনাথ সদৰ আৰক্ষীৰ থানাৰ অভিযানত জব্দ কৰা হৈছে এটা এখন বৃহৎ কন্টেইনাৰ যুক্ত ট্ৰাকত ১২০০ কাৰ্টুন অৰুণাচলী বিয়েৰ আৰু আটক কৰে ট্ৰাকখনৰ চালকক। উল্লেখ যে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰয়ে লাভ কৰিছিল অৰুণাচলৰ পৰা এখন কন্টেইনাৰ যুক্ত ট্ৰাকত অৰুণাচলী সুৰা লৈ বিশ্বনাথ অভিমুখে এখন ট্ৰাক আহি আছে বুলি।
যাৰ ভিত্তিত বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাৰ এটা দল যোৱা নিশা মজুত কৰি ৰাখিছিল আৰক্ষীৰ এটা বৃহৎ দল বিশ্বনাথ সদৰ আৰক্ষী থানাৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত। কিন্তু আজি পুৱতি নিশাহে সেই আৰক্ষীৰ দলটোয়ে অৰুণাচলৰ পৰা গুৱাহাটী গৈ থকা অৱস্থাত বিশ্বনাথ আৰক্ষী থানাৰ সন্মূখত জব্দ কৰিবলৈ সক্ষম হয় অৰুণাচলী বিয়েৰ ভৰ্তি ট্ৰাকখন। ইতিমধ্যে বিশ্বনাথ সদৰ আৰক্ষী থানাই বিয়েৰ ভৰ্তি ট্ৰাকখন জব্দ কৰি জিলা আবকাৰী বিভাগক এই সন্দৰ্ভত অবগত কৰি ট্ৰাকখনত ভৰ্তি থকা অৰুণাচলী বিয়েৰবোৰ বৈধ নে অবৈধ,এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আনহাতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে ট্ৰাকখনত থকা বিয়েৰবোৰ অৰুণাচলৰ পৰা গুৱাহাটীলৈ লৈ গৈ আছিল। এতিয়া প্ৰশ্ন হয়,বিশ্বনাথ সদৰ আৰক্ষীয়ে জব্দ কৰা এই বৃহত পৰিমাণৰ অৰুণাচলী বিয়েৰ গুৱাহাটীত বিক্ৰী কৰিব পাৰে নে? বিশ্বনাথ আৰক্ষীৰ তদন্ততহে পৰবৰ্তী সময়ত পোহৰলৈ আহিব এই বৃহৎ পৰিমাণৰ অৰুণাচলী বিয়েৰৰ প্ৰকৃত ৰহস্য।