সৰুপথাৰত ১২ নং গেলাবিল ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ, বিজেপি আৰু আম আদমী পাৰ্টিৰ মনোনয়ন দাখিল

 12/31/2021 - 19:11
 
 
সৰুপথাৰঃ ৰাজ্যত এতিয়া পৰিষদীয় সমষ্টিৰ নিৰ্বাচনীৰ গৰম বতাহ। অসমৰ ২২ টা সমষ্টিত ২০ জানুৱাৰীত অনুষ্ঠিত হ'ব ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ নিৰ্বাচন। আজি মনোনয়ন পত্ৰৰ অন্তিমটো দিনত ১২ নং গেলাবিল ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টিৰ পৰা সৰুপথাৰস্থিত ধনশিৰি মহকুমা মহকুমাধিপতিৰ কাৰ্যালয়ত কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ তিনি গৰাকী কৈ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে।
 
কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে হিৰণ্য ঠেঙাল, আম আদমী পাৰ্টিৰ হৈ নাৰায়ন বৰা আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মিণালী শইকীয়া হাজৰিকা দলীয় কৰ্মী সকলক লগত লৈ মনোনয়ন দাখিল কৰে। কংগ্ৰেছৰ প্ৰাৰ্থী হিৰণ্য ঠেঙালে প্ৰাক্তন বিধায়িকা ৰ'জলিনা তীৰ্কিৰ লগতলৈ দলীয় কৰ্মীসকলৰ সৈতে মনোনয়ন দাখিল কৰে। ইফালে অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মিনালি শইকীয়া হাজৰিকাই অসম প্ৰদেশ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিৎ বৰা লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকতা সকলক লগত লৈ মনোনয়ন দাখিল কৰে। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।