01/01/2022 - 14:27
in
টীয়কঃ আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিন। ৰাজ্যৰ পিকনিক ঠাই সমূহত বনভোজকাৰী দল সমূহৰ ভিৰ। তাৰ সমান্তৰালকৈ ধৰ্মীয় পীঠস্থান সমূহতো ভক্তই বছৰটো সুখ-শান্তিৰে নিজৰ লগতে পৰিয়ালৰ মংগলৰ বাবে নেদেখা জনৰ ওচৰত সেৱা লৈছে। ইয়াৰ ব্যতিক্ৰম নহয় টীয়কৰ ঐতিহাসিক ঢেঁকীয়াখোৱা বৰনামঘৰো। পুৱাৰে পৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই নিজৰ লগতে পৰিয়ালৰ প্ৰতিজনৰ মংগল কামনাৰে এগছি বন্তি প্ৰজ্বলন কৰি নেদেখা জনৰ ওচৰত আশিস লোৱা দেখিবলৈ পোৱা গৈছে।